Logo
image

দেশৰ জিডিপি বৃদ্ধিৰ হাৰ কমি ৫.৪%

নতুন দিল্লী, ৩০ নৱেম্বৰ : ভাৰতৰ জি ডি পি  (গ্ৰ’ছ ড’মেষ্টিক প্ৰডাক্ট) বৃদ্ধিৰ হাৰ পুনৰ ৫.৪ শতাংশলৈ হ্ৰাস পালে৷ চলিত বিত্তীয় বৰ্ষৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰলৈকে তিনি মাহত এই হাৰ ৫.৪ শতাংশ হৈছে৷ এই মান পূৰ্বৰ ত্ৰৈমাহেকৰ ভিতৰত আটাইতকৈ কম৷ তদুপৰি মাহ হিচাপত ধৰিলে প্ৰায় দুবছৰৰ ভিতৰত এই মান আটাইতকৈ কম৷ চলিত বিত্তীয় বছৰটোৰ দ্বিতীয়টো তিনি মাহত জি ডি পি বৃদ্ধিৰ হাৰৰ এনে পতনে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাব৷


নেশ্বনেল ষ্টেষ্টিকেল কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি জি ডি পি বৃদ্ধিৰ হাৰ ৫.৪ শতাংশলৈ নিম্নগামী হোৱাটো ভাৰতৰ উৎপাদন ক্ষেত্ৰৰ বাবে অতি উদ্বেগজনক৷ ইয়াৰ পূৰ্বে বিগত বিত্তীয় বছৰৰ এই সময়ছোৱাত ভাৰতৰ জি ডি পি বৃদ্ধিৰ  হাৰ আছিল ৭.১ শতাংশ৷